স্থান : বাহিৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : ৩০ মিনিট উপযুক্ত : বাৰিষাৰ পাচত যোগাৰ : আটা/পিঠা গুড়িৰ লাৰু, মুড়ি/আখৈ উদ্দেশ্য অন্য প্ৰাণীৰো ইন্দ্ৰিয় জ্ঞান আছে- তাৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক সজাগ কৰা। এই ক্ষেত্ৰত মাছৰ। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক যথেষ্ট মাছ থকা কোনো পুখুৰী বা নদীৰ পাৰলৈ লৈ যাব। মন্দিৰ বা মছজিদৰ পুখুৰী হ’লে ভাল – তেনে পুখুৰীৰ মাছ মানুহৰ উপস্থিতিৰ লগত অভ্যন্ত। পোনতে আটা বা পিঠাগুড়িৰ সৰু লাৰু এটা লাহেকৈ পানীত পেলাই দিয়ক যাতে ঢৌও নুঠে আৰু আঙুলিও নিতিতে। দেখিব যে যিটো মাছে লাৰুটো তললৈ গৈ থকা দেখিছে, সেইটো মাছহে ওচৰলৈ আহিছে, আন দূৰৰ মাছবোৰে কোনো সঁহাৰি নিদিয়ে। এইবাৰ সৰু সৰু লাৰু কৰি পানীত দলিয়াই দিয়ক। ছাত্ৰ ছাত্ৰী সকলক দেখুৱাব যে য’তে লাৰুবোৰ পৰিছে তাতে আহি মাছবোৰে উম পাতিছে। এইবাৰ আৰু কিছুমান সৰু সৰু লাৰু জোৰেৰে পানীলৈ দলিয়াই দিয়ক। ছাত্ৰ ছাত্ৰী সকলক দেখুৱাই দিব যে আগতকৈ বেছি মাছ জমা হৈছেহি, অৰ্থাৎ বেচি দূৰৰ পৰাও মাছবোৰ আহিছে। ছাত্ৰ ছাত্ৰী সকলে গাইগুটীয়াকৈ এই পৰীক্ষা চাব আৰু দেখিব পাব যে যিমানে ডাঙৰ কম্পন হয়, সিমান বেচিকৈ মাছে সঁহাৰি দিয়ে। নিৰীক্ষণ সমূহৰ ওপৰত পিচত বহলাই আলোচনা কৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন একেধৰণে আখৈ বা মুড়িৰেও পৰীক্ষাটো কৰি চাব আৰু কি দেখে তাৰ আলোচনা কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।