স্থান : শ্ৰেণী, ঘৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : ৩০ মিনিটৰ দুই বহা যোগাৰ : নালাগে উদ্দেশ্য খাদ্যত থকা বিভিন্ন উপাদানৰ উৎস চিনাক্ত কৰাৰ বাবে ছাত্ৰক সহায় কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক সোধক তেওঁলোকৰ মাজত কোনে শিপা খাইছে। খোৱা বুলি কওঁতা জনে কি গছ, বন বা লতাৰ শিপা খাইছে তাৰ নাম ক’ব। তেনেকৈ উদ্ভিদৰ আন অংশ যেনে গা গছ, বাকলি, পাত, ফুল, ফল আদিৰ কথাও সোধক। বোৰ্ডত ইয়াৰ এখন তালিকা কৰক। তাৰ পিচত তেওঁলোকক সোধক সেই বিলাক বস্তু কেঁচাই খায় নে ৰান্ধি। ৰান্ধি খালে কেনেকৈ? ইয়াৰ পিচত সেই উদ্ভিদবোৰ এনেকৈ শ্ৰেণীবদ্ধ কৰক : বৃক্ষ, জোপোহা, শাক, লতা আদি। দ্বিতীয় বহাত তেওঁলোকে তালিকাৰ নাম থকা উদ্ভিদ, শিপা, পাত, গুটি আদি শ্ৰেণীলৈ আনিব আৰু এখন প্ৰদৰ্শন পটত ৰাখিব। পৰিৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলে এনে কিছুমান গছ গছনি চিনাক্ত কৰক যাৰ এটাতকৈ বেচি অংশ আমি খাওঁ। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।