স্থান : শ্ৰেণী, বাহিৰ, ঘৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী যোগাৰ : এখন ডাঙৰ প্ৰদৰ্শন পট, চিত্ৰ অঁকা সঁজুলি উদ্দেশ্য জীৱ জন্তৱে আমাৰ জীৱনত কেনেকৈ সহায় কৰে তাৰ প্ৰতি সজাগ কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে জীৱ জন্তৰ পৰা পোৱা বস্তু আৰু সেৱাৰ অৰ্থাৎ কামৰ এখন তালিকা কৰিব। শ্ৰেণীটোক দুভাগ কৰক। এটা ভাগে মানুহৰ পোনছাটে কামত অহা জীৱ জন্তবোৰৰ চিত্ৰ আঁকিব আৰু আন ভাগে আঁকিব যিবোৰ জনুঅৰ পৰা বস্তু বা সেৱা পাওঁ। এই তালিকা খন প্ৰদৰ্শন পটত লগাই দিব আৰু জন্তবোৰো তাৰ পৰা পোৱা বস্তু, সেৱা আদিৰ সৈতে জড়িত কৰিবৰ । উদাহৰণ : ম’হ বা গৰুৰ চিত্ৰ লগাব গাখীৰ আৰু গাখীৰৰ পৰা পোৱা বস্তুৰ সৈতে, তেনেকৈ ভেড়াৰ চিত্ৰ থাকিব ঊণ বা ঊণৰ বস্তুৰ সৈতে। এতিয়া ছাত্ৰ ছাত্ৰী সকল ওলাই যাব আৰু ভিন ভিন ঘৰচীয়া জীৱ জন্ত চাই সেইবোৰে কি খায়, সিঁহতক কেনেকৈ আপডাল কৰিব লাগে আদি কথা টুকি আনিব। এনে জীৱ জন্তবোৰৰ উপযুক্ত ব্যৱস্থা আৰু চোৱামেলাৰ কথা আলোচনা কৰিব। খুটি, বাথান আদিলৈ পাৰিলে ভ্ৰমণো কৰিব। মন কৰিব যাতে বোজা কঢ়িওৱা, গাড়ী টনা বস্তুবোৰ এৰা নপৰে। পোহনীয়া জীৱ জন্তবোৰৰ এখন পৃথক তালিকা কৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন আন আন দেশত পৰম্পৰাগত কামৰ বাবে পোহা জন্তবোৰৰ বিষয়ে অধ্যয়ন কৰিব, যেনে দুচুটীয়া উট, ৰেইন ডিয়াৰ, লামা হটঙা কুকুৰ আদি। জীৱ জন্তৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে সজাগ কৰি তোলাৰ বাবে এনে এটা প্ৰকল্প কৰিব পাৰে যে ছাত্ৰ ছাত্ৰী সকলে ঘৰচীয়া জীৱ জন্তবোৰৰ উপযুক্ত আপডাল কৰা হয় নে নহয় ঘূৰি ফুৰি চাই প্ৰতিৱেদন দিয়ে। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।