উদ্দেশ্য ছাত্ৰ-ছাত্ৰীৰ নিৰীক্ষণ দক্ষতাৰ উৎকৰ্ষ সাধন। চৰাই চিৰিকতিৰ আহাৰ খোৱা আৰু চলন ফুৰণৰ ধৰণৰ জ্ঞান আহৰণ। কি কৰিব ছাত্ৰ-ছাত্ৰীসকলক কোনো উদ্যান বা কোনো আওহতীয়া ঠাইলৈ লৈ যাওক, যি ঠাই নিৰিবিলি, য’ত গছ-গছনি আৰু জলাশয় আছে। শ্ৰেণীটোক ৪/৫ জনীয়া গোটত ভাগ কৰি দিয়ক আৰু প্ৰতিগোটক ভিন ভিন ঠাইত থিতাপি ল’ব দিব। তেওঁলোকে পাচঁ মিনিটমান সময় চকু মুদি নিৰৱে ৰ’ব আৰু শুনিবলৈ পোৱা ভিন ভিন শব্দৰ প্ৰতি মনোযোগ দিব। তাৰ পিছত শুনা শব্দ কোনটো চৰাইৰ পৰা আহিছে থিৰ কৰিব আৰু চৰাই নিৰ্দেশিকা পুস্তিকাৰ পৰা চৰাইটো চিনি ল’ব। চৰাইবোৰ উলিয়াই আৰু চিনাকি কৰি লোৱাৰ পিচত সিহতক ভালদৰে নিৰীক্ষণ কৰিব। সিহতৰ কোন বিধৰ চাল চলন কেনে চাব। চৰাইৰ নিৰ্বাচনত শিক্ষকে সহায় কৰিব। শ্ৰেণীলৈ ঘুৰি অহাৰ পিচত প্ৰতিটো গোটে নিজৰ নিজৰ সমীক্ষা আন গোটবোৰকো দিব। পৰিৱৰ্তন/পৰিৱৰ্দ্ধন একোবিধ চৰাইৰ বিষয়ে জনাৰ পিচত ছাত্ৰছাত্ৰীসকলক গোটেই বছৰটোৰ বাবে নিয়মিত সমীক্ষা কৰি ডায়েৰী প্ৰস্তুত কৰিব দিব। উৎস: শিকাৰ আনন্দ।