স্থান : শ্ৰেণী ঘৰ, বাহিৰ গোড়ত আকাৰ : গাইগুটীয়া সময় : ৩০ মিনিট যোগাৰ : নালাগে পূৰ্ৱাৱশ্যকতা : ছাত্ৰ ছাত্ৰী সকলৰ জ্যামিতীয় আকৃতি, যেনে – ত্ৰিভূজ, ৰেখা, বৰ্গ, ব্ৰৰুত্ত, কণীৰ দৰে, আয়ত, ষড়ভূজ আদিৰ দৰে ধাৰণা থাকিব লাগিব। উদেশ্য ছাত্ৰ ছাত্ৰী সকলক পৰিবেশত থকা জ্যামিতীয় আকৃতিৰ প্ৰ্তি সজাগ কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক নানা জ্যামিতীয় আকৃতি তেওঁলোকে পৰিবেশত দেখা কোনো বস্তুৰ আকৃতিৰ সৈতে ৰিজাব কওক। পৰিবেশ বোলোতে হ’ব পাৰে ঘৰ, শ্ৰেণী বা বাহিৰৰ প্ৰাকৃতিক পৰিবেশ। তেওঁলোকে শ্ৰেণীৰ পৰা ১৫ মিনিটৰ বাবে ওলাই যাব আৰু সেই আকৃতি বোৰ নিৰীক্ষণ কৰিব। একোটা জ্যামিতীয় আকৃতিৰ লগত মিলা বস্তু বোৰৰ্ একোখন তালিকা কৰিব। ভিন ভিন জ্যামিতীয় আকৃতি লগ লগাই পৰিচিত জন্ত আৰু বস্তু কিছুমান আঁকিবলৈ দিয়ক। পৰিৱৰ্তন/পৰিবৰ্ধন এই অকৃতিবোৰ কাটি উলিয়াই ছাত্ৰ ছাত্ৰী সকলক ঘৰ, চৰাই আদিৰ আৰ্হি সাজিব ক’ব। বৰফ পৰা অঞ্চলত নতুনকৈ পৰা বৰফৰ কণাবোৰ বিৱৰ্ধক কাচেৰে চাৰ আৰু আকৃতি লক্ষ্য কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।