স্থান : শ্ৰেণী, ঘৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী, ঘৰত গাইগুটীয়া সময় : ৪৫ মিনিৰ দুই বহা যোগাৰ : ডাঠ কাগজ, খৈমাটি, বাহিৰা বহী উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলক অনুভৱ কৰোৱা যে আমি আমাৰ ঘৰত আন বহুতৰে সৈতে বাস কৰোঁ, যিবোৰৰ দ্বাৰা আমি আৰু আমাৰ দ্বাৰা সেইবোৰ প্ৰভাৱাম্বিত হয়। কি কৰিব প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীকে নিজৰ নিজৰ ঘৰৰ এখন চিত্ৰ আঁকিব কওক আৰু ঘৰৰ সকলো সদস্যৰে এখন তালিকা কৰিব- তাত সেই বিলাকৰ বয়স আৰু সম্পৰ্কৰ কথাও থাকিব। নাম, বয়স আৰু সম্পৰ্ক তালিকা আকাৰত কৰিব আৰু লগতে খালি কলমো ৰাখিব- এটা কলমত ব্যক্তি জন ছাত্ৰ/ছাত্ৰী গৰাকী কি কামত আহে আৰু কেনেকৈ তেওঁক প্ৰভাৱাম্বিত কৰে সেই কথা থাকিব। এইবাৰ তেওঁলোকে ঘৰত থকা সকলো জীৱ জন্তৰে এখন তালিক কৰিব আৰু তাত জীৱ জন্তবোৰে তেওঁৰ কল্যাণ বা অকল্যাণৰ বাবে কৰা কামো লিপিবদ্ধ কৰিব। ঘৰৰ অধিৱাসী সকলৰ চিত্ৰ অঁকাৰ বাবে ছাত্ৰ ছাত্ৰী সকলক উদ্গনি দিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।