স্থান : বাহিৰ গোটৰ আকাৰ : গাইগুটীয়া সময় : ২০ মিনিট উপযুক্ত সময় : যিকোনো সময় যোগাৰ : কাগজ, বেলুন, পাখি, শিলগুটি, কপাহৰ কেঁচা পাত, বল আদি। উদ্দেশ্য পাতল বস্তুনো বতাহত ওপঙে তাকে চোৱা। কি কৰিব প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে বস্তুবোৰ নিজৰ আশ পাশৰ পৰা যোগাৰ কৰিব। এইবাৰ তেওঁ মাটিৰ পৰা প্ৰায় ৩-৪ মিটাৰ ওখ ঠাই বাছি ল’ব, যেনে ঘৰৰ চাল বা বৰণ্ডা। তাৰ পৰা বস্তুবোৰ এটা এটাকৈ এৰি দিব- কাগজ, বেলুন, পাখি, শিলগুটি, শিল, কপাহৰ কেঁচা পাত আদি। তেওঁ বস্তোবোৰ পৰা বাটলৈ মনোযোগ দিব আৰু টোকা কৰিব- কোনটো সৰল ৰেখাত পৰিছে, কোনটো ওপঙি থাকে আৰু একাবেঁকা বাটেৰে দূৰলৈ মাটিত পৰে। এতিয়া তেওঁক দুটুকুৰা একে ধৰণৰ কাগজ ল’ব দিয়ক। তাৰে এটুকুৰা মোহাৰি লাৰু যেন কৰিব। দুয়োটা এতিয়া একে উচ্চতাৰ পৰা এৰি দিব আৰু চাব কোনটো বচি বগাই পৰিছে। আকৃতি আৰু বতাহত ওপঙিব পৰাৰ মাজত সম্বন্ধ বাৰু কি? পৰিৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলক বুজাই দিয়ক কেনেকৈ কোনো কোনো পাতল গুটিৰ গাত লাগি থকা সূতাৰ দৰে শৃংবোৰ গুটিবোৰ দূৰলৈ সিঁচৰিত হৈ যোৱাত সহায় কৰে আৰু গুটিবোৰ দূৰৰ কোনো ঠাইত পৰি গজিব পাৰে। বায়ু প্ৰদূষণ বাৰু কেনেকৈ বিয়পে? মূল্যায়ন ছাত্ৰ ছাত্ৰী সকলক একো একো টুকুৰা কাগজ লৈ এনে একোটা আকৃতি কৰিব দিয়ক যাতে সবাতোকৈ লাহে লাহে পৰিব পাৰে। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।