ভূমি বা মাটি প্ৰকৃতিৰ বিস্ময়কৰ সৃষ্টি। শিল আৰু মাণিকৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক ক্ষয়ীভৱন হৈ কালক্ৰমত মাটিৰ সৃষ্টি হয়। এই পক্ৰিয়া অত্যন্ত জটিল বাবে মাটিৰ গঠন খুব মন্থৰ গতিত হয়। এক ইঞ্চি মাটি গঠন হ’বলৈ ক্ষেত্ৰ বিশেষে ৩০০ ৰ পৰা ১০০০ বছৰ লাগে। উপক্ৰান্তীয় অঞ্চলত আকৌ অধিক মন্থৰ। এইবিধ অমূল্য সম্পদ আজি বিভিন্ন ধৰণে অৱক্ষয় তথা প্ৰদূষণৰ গৰাহত পৰিছে।

যেতিয়া ভূমিৰ গুণাগুণ নষ্ট হয় বা ইয়াৰ উত্পাদিকা শক্তি কমি যায় বা ইয়াৰ জীৱন ধাৰণ ক্ষমতা হ্ৰাস পায় তেতিয়াই ইয়াৰ অৱক্ষয় হোৱা বুলি কোৱা হয়। ভূমি মণ্ডলৰ অৱক্ষয়ৰ প্ৰধান কাৰণসমূহ হ’ল-গছ কটা, হাবি-জংঘল চাফা কৰা, গৰু-ছাগলীয়ে মূঢ়ালৈকে ঘাঁহ খোৱা, অবৈজ্ঞানিকভাৱে কৰা কৃষি কাৰ্য, কল-কাৰখানা আৰু অন্য সহজে পচি নোযোৱা আৰু প্ৰাণীৰ কাৰণে বিষাক্ত পদাৰ্থযুক্ত আৱৰ্জনা পেলোৱা ইত্যাদি। ভূমি অৱক্ষয়ৰ তীব্ৰতা মাটিৰ প্ৰকাৰ, বন্ধুৰতা, জলবায়ু আৰু কৃষি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। পানীৰ দ্বাৰা ভূমি অৱক্ষয় ঘাইকৈ বেছি বৰষুণ হোৱা আৰু পাহাৰীয়া অঞ্চলত বেছিকৈ পৰিলক্ষিত হয়। ইফালে বতাহৰ প্ৰভাৱত শুকান বা মৰু অঞ্চলত ভূমিৰ বিস্তৰ অৱক্ষয় হয়। মাটিৰ উপৰি ভাগতে জৈৱিক পদাৰ্থ থাকে বাবে এই অংশ সাৰুৱা আৰু ঢিলা হয়। গতিকে পানী বা বতাহৰদ্বাৰা উপৰিভাগৰ মাটি বিচ্যুত হ’লে ভূমি অনূৰ্বৰ আৰু টান হৈ পৰে। পানী যদি বেগেৰে মাটিৰ ওপৰেৰে বৈ যায় তেন্তে তাত নলাৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত মাটিৰ আন্ত:গাঠনি ধ্বংস হৈ যায়।

পৃথিৱীৰ উপৰিভাগত বছৰি ৫৩০ কোটি টন মাটি বিচ্যুত হয়। মুঠ অৱক্ষয়ৰ ৫৬ শতাংশৰ কাৰক হ’ল পানী আৰু ২৮ শতাংশৰ কাৰক বতাহ। অবৈজ্ঞানিকভাৱে কৰা ঝুম খেতিৰ ফলত ভাৰতৰ কেইবাখনো ৰাজ্যৰ পাহাৰীয়া অঞ্চলৰ ভূমিৰ বিস্তৰ অৱক্ষয় হৈছে। গছ-গছনি কাটি, মাটি চহাই গুটি ৰোৱালৈকে প্ৰতি হেক্টৰ ভূমিৰ পৰা প্ৰায় ৩.৭ টন মাটি তললৈ খহি পৰে। জনস্ংখ্যা বৃদ্ধিৰ কাৰনে আজিকালি আকৌ একেডৰা মাটিতে তিনিৰপৰা ছয় বছৰৰ অন্তত পুনৰ ঝুম খেতি কৰা হয়। ফলত মাটিৰ ওপৰত জৈৱিক আচ্ছাদন গঠন হ’বলৈ নাপায়। এক সমীক্ষা মতে, মাটিৰ ঢাল যদি ৬০ ৰ পৰা ৭০ শতাংশ হয়, তেন্তে এবাৰ ঝুম খেতি কৰি এৰাৰ পিছৰ প্ৰথম, দ্বিতীয়, তৃতীয় বছৰত ক্ৰমে ১৪৬.৬, ১৭০.২ আৰু ২৩০.২ টন মাটি খহনীয়াত হেৰাই যায়।

আনহাতে আধুনিক যুগৰ বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত হোৱা অপ্ৰয়োজনীয় বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহে প্ৰতিষ্ঠানবোৰৰ ওচৰে-পাঁজৰে জমা হৈ মাটিক নানাভাৱে কলুষিত কৰি তুলিছে। মাটিত থকা অণুজীৱবোৰে জৈৱ ৰাসায়নিক বৰ্জিত পদাৰ্থক সাধাৰণতে যি উপায়েৰে সাৰলৈ ৰুপান্তৰিত কৰি মাটিক উৰ্বৰ কৰে, ধাতব যৌগৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ নহয়। কাৰণ মাটিতে থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ অণুজীৱবোৰে ধাতৱ পদাৰ্থবোৰ গ্ৰহণ কৰি শৰীৰত ধাৰণ কৰাৰ পিছত তাক পৃথক কৰা অত্যন্ত কঠিন হৈ পৰে। তেনেস্থলত ধাতুবোৰ অণুজীৱৰ লগতে মাটিত থাকি যায় আৰু বিষাক্ত প্ৰভাৱ বিস্তাৰ কৰে। ই হ’ল মাটিৰ অন্তৱৰ্তী অৱক্ষয়ৰ অন্যতম। পৃথিৱীৰ অৱক্ষয় হোৱা ভূমিৰ ১২ শতাংশই ৰাসায়নিক আৰু চাৰি শতাংশ ভৌতিক প্ৰক্ৰিয়াৰে নষ্ট হৈছে। অত্যধিক লো থকাৰ কাৰণে অসমৰ ঠাই বিশেষে ধান গছত লৌহ বিক্ৰিয়া হৈ উৎপাদন কমি গৈছে, কিছুমান মাটি আনকি ধানখেতিৰো অনুপযোগী হৈ পৰিছে। মাত্ৰাধিক লৱণ জমা হোৱাৰ কাৰণে উত্তৰ ভাৰতৰ বহু মাটি খেতিয়কে পৰিত্যাগ কৰিছে। অতি আম্লিক বা অতি ক্ষাৰকীয় মাটি কৃষিৰ বাবে অনুপযোগী। মাটিত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থাকিলে ইয়াৰ অম্লতা বা ক্ষাৰকীয় সহজে নাবাঢ়ে। কল-কাৰখনাৰ পেলনীয়া সামগ্ৰীয়ে ভূমিৰ ৰাসায়নিক ধৰ্মৰ আমূল পৰিৱৰ্তন কৰে। কাৰখানাৰ চূণ জাতীয় আৱৰ্জনাই মাটি ক্ষাৰকীয় কৰি তোলে। অন্য কিছুমান আৱৰ্জনাত ভয়াবহ ভাৱে বিষাক্ত ক্ৰ’মিয়াম, মাৰ্কাৰি, কেডনিয়াম আদি ধাতু অতি বেছি পৰিমাণে থাকে।

ইফালে, আধুনিক কৃষি পদ্ধতি হিচাপে খেতি পথাৰত বিভিন্ন কীটৰ বিপৰীতে ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগেও মাটি প্ৰদুষিত কৰে। আৱাসিক অঞ্চলত দৈনন্দিন ব্যৱহাৰ্য ঘৰুৱা বস্তুৰ পেলনীয়া অংশই ঘৰৰ ওচৰ-পাঁজৰৰ মাটি প্ৰদুষিত কৰে। নগৰ, মহানগৰ ছেনিটেৰী ব্যৱস্থাৰ ফলত উদ্ভৱ হোৱা পূতিজল আৱৰ্জনাৰে পৰিপুষ্ট মাটি প্ৰদুষিত হয়।

অৱক্ষয় আৰু প্ৰদুষণ দুয়োটাই আজি মাটিৰ অস্তিত্বৰ কাৰণে ভাবুকি হৈ পৰিছে। প্ৰদূষিত ভূমিক দূষণমুক্ত কৰি ব্যৱহাৰৰ উপযোগী কৰি লোৱাৰ উদ্দেশ্যে এচাম বৈজ্ঞানিকে উপায় উদ্ভাৱনৰ প্ৰচেষ্টাত ব্যস্ত হৈ আছে। এনে ভূমি প্ৰদূষণমুক্ত কৰোতে মাটিত মিহলি হৈ থকা বিষাক্ত ধাতৱ পদাৰ্থবোৰ আতোৰোৱাই হ’ল এনে গৱেষণাৰ মূল লক্ষ্য। ‘ভূমিষ্ঠ’ হৈ পৃথিৱীলৈ অহাৰ পৰা মৃত্যুলৈকে মাটিৰ লগত আমাৰ সম্পৰ্ক অতি নিবিড়। এনে ক্ষেত্ৰত ভূমি অৱক্ষয় আৰু প্ৰদূষণৰ প্ৰতি সচেতনতা অৱলম্বন এক প্ৰাস্ংগিক বিষয়।

ৰাজদীপ দাস, দৈনিক অসম।