ম’বাইল ফোনৰ পৰা বিকিৰন হোৱা ৰঞ্জন ৰশ্মিৰ পৰা ৰেহাই পাবলৈ কেটামান কিটিপ বাৰ্তালাপ কৰোতে বা মেছেজ পাঠাওঁতে ম’বাইল ফোনৰ পৰা ৰঙ্জন ৰশ্মি বিকিৰিত হয়. স্বাস্থ্যৰ প্ৰতি থকা ভাবুকি প্ৰতিপন্ন হোৱা নাই যদিও সঘনে ম’বাইল ফোন ব্যৱহাৰ কৰি থকা কিছুমান (সকলো বিলাক নহয়) ব্যক্তিৰ ক্ষেত্ৰত দেখা গৈছে যে ই মুখ আৰু মগজুৰ কেনচাৰৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু সৰু লৰা-ছোৱালীৰ আচৰনৰ সমস্যা ঘটায়. নিৰাপদে থাকিবলৈ ৰঙ্জন ৰশ্মিৰ প্ৰভাৱ কম কৰিবলৈ তলত দিয়া কিটিপসমূহ মানি চলক. কম ৰশ্মি নিৰ্গত কৰা ফোন কিনক: আপোনাৰ ফোনটোত থকা EWG’s buyer’s guide অনুসৰন কৰক (আপোনাৰ ফোনৰ মডেল নম্বৰ বেটাৰিত লিখা থাকিব পাৰে). কম পৰিমানে ৰঙ্জন ৰশ্মি বিকিৰন কৰিও আপোনাৰ প্ৰয়োজনীয়তা পূৰ কৰিব পৰা ম’বাইল ফোনৰ দ্বাৰা আপোনাৰ হাতত থকা ফোনটো সলনি কৰি লওঁক. স্পিকাৰ বা হেডৃছেট ব্যৱহাৰ কৰক: হেডছেটে ফোনতকৈ কম পৰিমানে ৰঙ্জন ৰশ্মি বিকিৰন কৰে. চেলফুন গাইডৰ সহায়ত তাৰযুক্ত বা তাৰহীন (কোনটো উত্তম তাৰ ওপৰত বিশেষজ্ঞসকলৰ মাজত মতভেদ আছে) ব্যৱহাৰ কৰক. কিছুমান হেডছেটে অব্যাহত ভাবে নিন্ম পৰ্য্যায়ৰ বিকিৰণ কৰি থাকে, গতিকে ব্যৱহাৰৰ কৰাৰ পিছত ইয়াক কানৰ পৰা আঁতৰাই ৰাখক. আপোনাৰ ফোনটো স্পিকাৰ মুডত ব্যৱহাৰ কৰিলেও মূৰত বিকিৰনৰ প্ৰভাৱ কম হয়. অধিক শুনক আৰু কম কথা কওঁক: আপোনি যেতিয়া কথা কয় বা মেছেজ পঠায় তেতিয়া আপোনাৰ ফোনৰ পৰা ৰশ্মি নিৰ্গত হয় কিন্তু মেছেজ ৰিচিভ কৰোতে ৰশ্মি বিকিৰন নহয়. অধিক শুনা আৰু কমকৈ কথা কলে বিকিৰনৰ প্ৰভাৱ কম হয়. ফোনটো আপোনাৰ দেহৰ পৰা দূৰত ৰাখক: কথা কৈ থাকোতে ফোনটো আপোনাৰ দেহাৰ পৰা দূৰৈত ৰাখক (হেডছেট বা স্পিকাৰৰ জৰিয়তে), আপোনাৰ কানৰ ওচৰত নহয়, পকেটত, বা আপোনাৰ বেল্টত ৰাখক য’ত দেহৰ কোমল কলা বিলাকে ৰশ্মিখিনি শুহি লয়. কথা কোৱাতকৈ মেছেজ হে পঠাওঁক: ফোনে কথা কোৱা অৱস্থাতকৈ মেছেজ পঠাওঁতে কম শক্তি (কম ৰশ্মি) ব্যৱহাৰ কৰে. আনহাতে, কানৰ ওচৰত ৰাখি কথা কোৱাৰ বিপৰীতে মেছেজ কৰোতে ফোনটো মূৰৰ পৰা দূৰত থাকি মূৰত ৰশ্মি বিকিৰনৰ প্ৰভান কম পেলায়. ছিগনেল কম থাকিলে? ফোনৰ পৰা দূৰৈত থাকক: ফোনত কম ছিগনেল বাৰ থাকিলে ই অধিক ৰশ্মি বিকিৰণ কৰি টাৱাৰৰ পৰা ছিগনেল পাবলৈ চেষ্টা কৰে. শক্তিশালী চিগনেল থাকিলেহে কল কৰিব বা কল গ্ৰহন কৰিব. সৰু লৰা-ছোৱালীয়ে ফোন ব্যৱহাৰ কৰাটো সীমিত কৰক: সৰু লৰা-ছোৱালীৰ মগজুৱে প্ৰাপ্ত-বয়স্ক ব্যাক্তিসকলতকৈ দুগুনে ম’বাইল ফোনৰ ৰঙ্জন ৰশ্মি শুহন কৰি লয়. ই ডব্লিউ জি (EWG)য়ে অন্ততঃ ছখন দেশৰ স্বস্থ্যসন্থাৰ লগত লগ লাগি সৰু লৰা-ছোৱালীৱে জটিল কালিন অৱস্থাৰ বাহিৰে ম’বাইল ফোন ব্যৱহাৰ কৰাটো সীমিত কৰিছে. ৰেডিয়েচন শ্বিল্ড পৰিহাৰ কৰক: ৰেডিয়েচন শ্বিল্ড যেনে এনটেনাত থকা কেপ বা কি-পেডত থকা কভাৰে সংযোগৰ মানদণ্ড হ্ৰাস কৰে অৰু ফোনটোক অধিক শক্তিযুক্ত ৰশ্মি বিকিৰণ কৰিলৈ বাধ্য কৰে. উৎস: আইএনডিজি দল