বটলত অহা পানী পৰিত্যাগ কৰক কাৰন ই জাৱৰ বঢ়ায় আৰু প্ৰাকৃতিক সম্পদৰ হানি ঘটায়। যথেষ্ট পৰিপানে পানী খাওক। কেফেনেটেড পানীয় পৰিত্যাগ কৰক। প্ৰাকৃতিক ঠাণ্ডা পানীয় যেনে বাটাৰ মিল্ক খাওক। পাতল ৰঙৰ কাপোৰ, বিষেশকৈ কটন কাপোৰ পৰিধান কৰক। ডিহাইড্ৰেচনৰ পৰা পৰিত্ৰান পাবলৈ যথেষ্ট পৰিমানে পনীয় পান কৰক। কিছুমান প্ৰাকৃতিক পানীয় হল নেমুপানী, কোমল নাৰিকল,ফলৰ ৰস আদি. কোমলীয়া নাৰিকলৰ পানীত চেনী, আঁহ,প্ৰ’টিনৰ উপৰিও ভিটামিন আৰু খনিজ দ্ৰব্য থাকে। যথেষ্ট পৰিমানে চালাদ আৰু প্ৰাকৃতিকভাবে যথেষ্ট পৰিমানে পানী থকা ফল যেনে তৰমুজ খাওক. দৰাচলতে এইটো ফলত 92%পানী আৰু 14% লৈকে ভিটামিন চি থাকে. ইয়ে ঘামৰ দ্বাৰা উলাই যোৱা পানী পৰি-পূৰণ কৰে. কম পৰিমানে ভিটামিন বি আৰু পটাচিয়ামো এইটো ফলত পোৱা যায়। মাটিৰ পাত্ৰত ৰখা পানী খাওক। তেলজাতীয় খাদ্য নেখাব। বিশেষকৈ ৰাস্তাৰ কাষত বিক্ৰী কৰা কাটি থোৱা ফল নাখাব, কাৰণ হয়তো ইয়াত মাখি আৰু ধুলি পৰিছিল। লগত বিচনি ৰাখিব। ভেটিভেৰিয়াৰে নিৰ্মিত শ্বীট খোলা খিৰিকিত ওলমাই থওক. ই ঘৰৰ ভিতৰত ঠাণ্ডা বতাহ সোমোৱাত সহায় কৰিব। উৎস: আইএনডিজি দল