প্ৰদূষন কি ?

পৰিবেশৰ বাবে বিষাক্ত বা ইয়াৰ পৰা ওলোৱা দ্ৰব্য ত্যাগ কৰাটোৱেই হল প্ৰদূষন। সাধাৰণতে প্ৰদূষন বুলি কবলৈ প্ৰক্ৰিয়াটো মানুহৰ পৰা আৰম্ভ হব লাগিব। মানুহৰ দ্বাৰা হোৱা যিকোনো কাৰ্য্যকেই, যদি ই পিছলৈ নেতিবাচক ক্ৰিয়া কৰে. প্ৰদূষন বুলি কব পাৰি।

প্ৰদূষণৰ উৎসমূহ

প্ৰদূষনৰ গুৰুত্বপূৰ্ণ উৎসসমূহ হল ৰাসায়নিক কাৰখানা, ৰিফাইনেৰি, আনৱিক জাৱৰৰ দম, নিত্য-নৈমিত্যিক জাৱৰৰ দম, প্ৰজ্বলক, পি.ভি.চি কাৰখানা, মটৰ-গাড়ীৰ কাৰখানা, প্লাষ্টিকৰ কাৰখানা, বৃহত্ পাৰিমানৰ জীৱ-জন্তুৰ জাৱৰ ওলোৱা বৃহত আকাৰৰ জীৱজন্তুৰ পাম।

দূৰ্ঘটনাত পতিত হলে কিছুমান প্ৰদূষনৰ উত্স যেনে আনৱিক শক্তি উত্পাদন কৰা কাৰখানাৰ পৰা গুৰুত্বপূৰ্ণ প্ৰদূষন নিৰ্গত হয়।

আন কিছুমান সাধাৰণ প্ৰদূষক হল ক্ল’ৰিনেটেড হাড্ৰ’কাৰ্বন, গধুৰ ধাতু যেনে লিড(লিডযুক্ত ৰং আৰু অলপতে পোৱা গেছলিন), কেডিমাম (ৰিচাৰ্জ কৰিব পৰা বেটাৰি), ক্ৰমিয়াম, জিংক, আৰচেনিক আৰু বেনজিন।

প্ৰায়েই প্ৰাকৃতিক দূৰ্যোগৰ ক্ষেত্ৰত প্ৰদূষন হল এটা গুৰুত্বপূৰ্ণ পাৰ্শ্বক্ৰিয়া। উদাহৰণ স্বৰূপে ঘূৰ্ণীবতাহে সদায় বৰ্জবস্তুৰ দ্বাৰা প্ৰদূষন কৰে, ওলটি যোৱা নাওঁৰ পৰা পেট্ৰ’কেমিকেল, গাড়ী-মটৰ বা সাগৰৰ পাৰৰ ৰিফেইনাৰীৰ পৰা হোৱা প্ৰদূষণ নিচেই সাধাৰণ কথা।

প্ৰদূষণৰ প্ৰকাৰ

প্ৰদূষনৰ পৰম্পৰাগত প্ৰকাৰ বিলাকৰ ভিতৰত আছে বতাহ প্ৰদূষন, পানী প্ৰদূষন, আৰু ৰঞ্জন ৰশ্মিৰ দ্বাৰা হোৱা প্ৰদূষন, আনহাতে বিশ্বজুৰি হোৱা বহল ভিত্তিক বিশ্লেষনে সাগৰীয় জাহাজৰ পৰা হোৱা প্ৰদূষন, পোহৰৰ পৰা হোৱা প্ৰদূষন আৰু শব্দ প্ৰদূষনকো সাঙুৰি লৈছে।

শব্দ প্ৰদূষণ

সংঙ্গা মতে কোলাহল হল আবাঞ্চিত শব্দ। এতিয়া এইটো ক্ৰমাগতভাবে বুজি পোৱো গৈছে যে কোলোহল হল বতাহ প্ৰদূষনৰ এটা অতি অন্যতম অংশ।

কোলাহল বতাহৰ মাজেদি পাৰহৈ যায় গতিকে ইয়াক বতাহৰ সাধাৰন মানদণ্ডৰ ওপৰত ভিত্তি কৰি জোখা হয়। কোলাহল ডেচিবেলত জোখা হয়। পাৰদৰ্শিসকলে বিশ্বাস কৰে যে বতাহত কোলাহলৰ মাত্ৰা 90 ডেচিবেলৰ ওপৰত আহৰহ উতস্থিতিয়ে শুনা শক্তি বিলোপ কৰিব পাৰে আৰু স্নায়ুতন্ত্ৰৰ পূৰ্বৰ অৱস্থা ঘূৰাই আনিব নোৱোৰাকৈ পৰিবৰ্ত্তন ঘটাব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই (WHO) চহৰ অঞ্চলৰ বাবে 45 ডেচিবেল কোলাহলৰ মাত্ৰা স্থিৰ কৰিছে। ভাৰতৰ মহানগৰ অঞ্চল সমূহত এই মাত্ৰা 90 ডেচিবেলতকৈ অধিক পোৱা গৈছে। মুম্বাইক বিশ্বৰ ভিতৰতে আটাইতকৈ কোলাহল পূৰ্ণ নগৰ বুলি চিনাক্ত কৰা হৈছে, ইয়াৰ ওচৰা-ওচৰিকৈ আছে নতুন দিল্লী।

কোলাহল কেৱল অসস্থিকৰেই বা পীড়াদায়কেই নহয়, ই তেজ বাহিকা নলী সমূহ সংকুচিত কৰি হৃদপিণ্ডলৈ এড্ৰিনেলিনৰ প্ৰবাহ বৃদ্ধি কৰি ইয়াক তীব্ৰ গতিত চলিবলৈ বাধ্য কৰে। আহৰহ কোলাহলে ক’লেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি কৰি তেজ বাহিকা নলী সমূহক স্থায়ী ভাবে সংকুচিত হবলৈ বাধ্য কৰি, ব্যক্তি বিশেষৰ হাৰ্ট-এটাক আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি কৰে। স্বাস্থ্য বিষেশজ্ঞ সকলৰ মতে অতি মাত্ৰা কোলাহলে নিউৰচিচ আৰু স্নায়ুতন্ত্ৰ বিকল কৰি দিব পাৰে।

জাৱৰ-জোথৰ আৰু পানী প্ৰদূষণ

বিষাক্ত বস্তু সমূহ হ্ৰদ, পানীৰ নিজৰা, নদী, সাগৰ আৰু আন জলাশয়ত প্ৰৱেশ কৰিলে এইবোৰ পানীত মিহলি হৈ যায় বা ওপঙি থাকে বা তলত জমা হৈ থাকে। এইবোৰে পানী প্ৰদূষন কৰি পানীৰ মানদণ্ডৰ হানি ঘটাই জলজ-পৰিবেশতন্ত্ৰত প্ৰভাৱ পেলায়। প্ৰদূষক বিলাক মাটিৰ তলত নিগৰি গৈ ভূ-তলৰ পনীৰ ওপৰতো কুপ্ৰভাৱ পেলায়।

পানীৰ প্ৰদূষনৰ কুপ্ৰভাৱ কেৱল মানুহৰ বাবেই ভয়ানক নহয়, ই জীৱ-জন্তু, মাছ আৰু চৰাইৰ বাবেও ভয়ানক। প্ৰদূষিত পানী খোৱা, জলকেলি, কৃষি আৰু উদ্যোগৰ বাবেও ভয়ানক। ই হ্ৰদ আৰু নদীৰ নান্দনিক সৌন্দৰ্য্যৰ মানদণ্ডও হানি ঘটায়।

বায়ু প্ৰদূষণ

বতাহ প্ৰদূষন হ’ল ক্ষতিকৰ বস্তু বতাহত নিৰ্গত হৈ হোৱা প্ৰদূষন । বতাহ প্ৰদূষনে স্বাস্থ্যৰ সমস্যা সৃষ্টি কৰিব পাৰে আৰু ই পৰিবেশ আৰু সম্পদৰো ক্ষতি কৰিব পাৰে। ই বায়ুমণ্ডলৰ সংৰক্ষক অ’জন স্তৰৰ ক্ষতি সাধন কৰিছে, যিটোৱে পৰিবেশৰ পৰিৰ্বত্তন ঘটাইছে। উদ্যোগ, গাড়ী-মটৰ, জনসংখ্যাৰ বৃদ্ধি আৰু নগৰ-চহৰৰ প্ৰসাৰ আদি হল বতাহৰ প্ৰদূষন ঘটোৱাৰ বাবে দায়ী কিছুমান মূখ্য কাৰণ। বতাহ প্ৰদূষন কেবাটাও কাৰণৰ ফলত হব পাৰে, ইয়াৰ সকলোবোৰেই মানুহৰ নিয়ন্ত্ৰনৰ অধিনত নাই। মৰুভূমি অঞ্চলত সৃষ্টি হোৱা ধুলি, অৰণ্য আৰু ঘাঁহ প্ৰজ্বলনৰ পৰা ওলোৱা ধোঁৱাই বতাহৰ ৰাসায়নিক আৰু বস্তু প্ৰদূষনত যোগদান দিয়ে।

তলত বতাহৰ মূখ্য প্ৰদূষক আৰু ইহঁতৰ উত্সৰ তালিকা দিয়া হল

কাৰ্বন ম’ন’ অ’স্কাইড (CO) হ’ল ৰংহীন, গন্ধহীন গেছ যিটো পেট্ৰ’ল, ডিজেলক অৰু কাঠকে সামৰি কাৰ্বন যুক্ত ইন্ধনৰ আংশিক প্ৰজ্বলনৰ পৰা উত্পন্ন হয়। ই প্ৰাকৃতিক আৰু চিন্থেটিক উত্পাদ যেনে চিগেৰেটৰ প্ৰজ্বলনৰ পৰা উত্পন্ন হয়। ই আমাৰ তেজত সুমুৱা অক্সিজেনৰ মাত্ৰা কমায়। ই আমাৰ স্বতঃস্ফূৰ্ত সঁহাৰি হ্ৰাস কৰি আমাক বিভ্ৰান্ত আৰু নিদ্ৰাভাৱ আনিব পাৰে।

কাৰ্বন ডাই অক্সাইড (CO2) ই হ’ল মানুহৰ ক্ৰিয়া –কলাপ যেনে কয়লা, তেল আৰু প্ৰাকৃতিক গেছ পোৰাৰ পৰা উত্পন্ন হোৱা গ্ৰীণ হাউচৰ মূখ্য গেছ।

ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (CFC) মূখ্যতঃ ৰেফ্ৰিজেৰেটৰ আৰু শীত-তাপ নিয়ন্ত্ৰক ব্যৱস্থাৰ পৰা ওলোৱা মূখ্য গেছ। বতাহত ত্যাগ কৰাৰ পিছত CFC ষ্ট্ৰেট’স্ফিয়াৰ’লৈকে উঠি যায়, য’ত এইবোৰ আন কিছুমান গেছৰ সংস্পৰ্শত আহে, যিটোৱে সূৰ্য্যৰ পৰা ওলোৱা ক্ষতিকৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱী ৰক্ষা কৰা অ’জন স্তৰৰ ক্ষতিসাধন কৰে।

লিড পেট্ৰল, ডিজেল, লিড বেটাৰী, ৰং, চুলিৰ ৰংৰ সামগ্ৰী আদিত থাকে। লিডে বিশেষকৈ সৰু লৰা ছোৱালীৰ ওপৰত প্ৰভাৱ পেলায়। ই স্নায়ুতন্ত্ৰৰ ক্ষতিসাধন কৰিব পৰে, পাচনতন্ত্ৰৰ ক্ষতিসাধন কৰিব পাৰে আৰু কিছুমান ক্ষেত্ৰত কেনচাৰো কৰিব পাৰে।

অ’জন প্ৰাকৃতিক ভাবে বায়ুমণ্ডলৰ ওপৰৰ স্তৰত পোৱা যায়। এই অতিশয় প্ৰয়োজনীয় গেছটোৱে পৃথিৱীক সূৰ্য্যৰ পৰা ওলোৱা অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। আনহাতে, ভূমিত ই এটা বিষাক্ত প্ৰদূষক। গাড়ী-মটৰ আৰু উদ্যোগবিলাক হ’ল ভূমিত হোৱা অ’জন বিকীৰক। অ’জনে আমাৰ চকুৰ খজুৱতি, জ্বলা আৰু পানী ওলায়। ই আমাৰ শৰীৰৰ নিউম’নিয়া আৰু চৰ্দি লগা প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।

নাইট্ৰ’জেন অক্সাইড (Nox) কুঁৱলি আৰু এচিড বৰষুণ দিয়ায়। ই পেট্ৰল, ডিজেল আৰু কয়লা প্ৰজ্বলনৰ পৰা ওলায়। নাইট্ৰ’জেন অক্সাইডে সৰু লৰা-ছোৱালীৰ শ্বাস-প্ৰশ্বাসৰ বেমাৰৰ প্ৰতি প্ৰৱনতা বঢ়ায়।

উপঙি থকা বস্তু বিশেষ (SPM) বায়ুত ধোঁৱা, ধুলি, জলীয়বাষ্প গোটা আকাৰত দীৰ্ঘ সময়লৈকে উপঙি থাকে আৰু ই দৃষ্টি শক্তি হ্ৰাস কৰা কুঁহেলিকাৰ মূখ্য উত্স। শ্বাস-প্ৰশ্বাসত লোৱা এই বস্তু-বিশেষৰ মিহি বস্তুবিলাক আমাৰ হাঁও-ফাঁওত জমা হৈ হাঁও-ফাঁওৰ ক্ষতি সাধন কৰে আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।.

ছালফাৰ ডাই অক্সাইড (SO2) থাৰ্মেল পাৱাৰ প্লেন্ট বিলাকত কয়লা প্ৰজ্বলনৰ পৰা উতপন্ন হয়। কিছুমান উদ্যোগীক প্ৰক্ৰিয়া যেনে কাগজৰ উত্পাদন, ধাতুৰ স্মেল্টিং কৰাৰ পৰা এই গেছ উত্পন্ন হয়। ই কুঁৱলি আৰু এচিড বৰষুনৰ মূখ্য কাৰণ । ছালফাৰ ডাই অক্সাইডে হাঁও-ফাঁওৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে।

ৰাসায়নিক প্ৰদূষণ

তলত দিয়া বিলাকক সামৰি ৰাসায়নিক প্ৰদূষনৰ বিভিন্ন উৎস আছেঃ

ঘৰুৱা জাৱৰ

উদ্যোগৰ পৰা নিৰ্গত জাৱৰ

জাৱৰ স্থানৰ পৰা নিৰ্গত হৈ বৈ যোৱা

বায়ুমণ্ডলৰ পৰা নিৰ্গত বস্তু

ঘৰুৱা লেতেৰা বস্তু বৈ যোৱা

সাগৰত হোৱা দূৰ্ঘটনা আৰু নিগৰি বৈ যোৱা

তৈলকূপত কৰা ক্ৰিয়া কলাপৰ ওলোৱা

খনন কাৰ্য্যৰ পৰা ওলোৱা নিৰ্গত বস্তু

কৃষি কাৰ্য্য-কলাপ।

আনহাতে, সম্ভৱতঃ সকলোৰে বাবে চিন্তনীয় একেধাৰে থকা প্ৰদূষক হল ৰাসায়নিকঃ বৰ্দ্ধিত মাত্ৰাত সাগৰীয় খাদ্য শৃংখলত সুমাই শৃংখলৰ একেবাৰে ওপৰৰ পৰ্য্যায়ৰ চিকাৰীলৈ যোৱা বস্তু সমূহ। একেধাৰে থকা প্ৰদূষক সামৰি আছে কীট-নাশক দৰৱ যেনে ডি.ডি.টি, উদ্যোগীক ৰাসায়নিক আৰু জনাজাত ভাৱে পি.চি.বি সমূহ।

প্ৰদূষন ৰোধ কৰিবলৈ সাধাৰণ কিটিপসমূহঃ

টি.ভি., মিউজিক চিষ্টেমৰ ভলিউম কমাই ৰাখক।

কাচিতহে গাড়ী-মটৰৰ হৰ্ন ব্যৱহাৰ কৰিব।

লাউড স্পিকাৰৰ ব্যৱহাৰ নকৰিব।

বিয়াৰ সমদলত ফটকা, বেণ্ডৰ ব্যৱহাৰ নকৰিব।

শব্দ প্ৰদূষনৰ বাবে থকা আইন সমূহ সকলোকে মানি চলিবলৈ আহ্বান জনাব।

বতাহ প্ৰদূষনটো বাষ্পীভূত কৰক

ঘৰ, ফেক্টৰি আৰু গাড়ী-মটৰৰ পৰা হোৱা প্ৰদূষন নিন্মতম ৰাখিব।

ফটকাৰ ব্যৱহাৰ নকৰিব।

জাৱৰ পেলোৱা স্থানতহে জাৱৰ পেলাব, ইয়াক পুৰি নেপেলাব।

থুই পেলাবৰ ববে বোৱতী নলী বা থুই-দানী ব্যৱহাৰ কৰিব।

বায়ু প্ৰদূষনৰ বাবে থকা আইন সমূহ সকলোকে মানি চলিবলৈ আহ্বান জনাব।

পানী প্ৰদূষন বিশুদ্ধ কৰক

সমূহীয়া পানীৰ নল, কুৱা আৰু জলাশয়ৰ ওচৰত জাৱৰ নেপেলাব।

ৰাজহুৱা পানীৰ টেপ অযথাভাবে ব্যস্ত নাৰাখিব।

পবিত্ৰ মূৰ্ত্তিবিলাক অনুমোদিত স্থানতহে বিসৰ্জন দিয়ক।.

পানী প্ৰদূষনৰ বাবে থকা আইন সমূহ সকলোকে মানি চলিবলৈ আহ্বান জনাব।

ৰাসায়নিক প্ৰদূষন ৰোধ কৰক

ৰাসায়নিক সাৰৰ সলনি জৈৱ সাৰ, পলিথিনৰ সলনি কাগজ, প’লিষ্টাৰৰ সলনি কঁপাহ, মৰাপাট বাচনি কৰক।

সুনিৰ্দ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তেহে পলিথিন নিষ্পত্তি কৰক।

অধিক গছ-গছনি ৰুৱক।

পানী প্ৰদূষনৰ বাবে থকা আইন সমূহ সকলোকে মানি চলিবলৈ আহ্বান জনাব।

ভূমি ব্যৱহাৰ কাৰ্য্যকলাপ আৰু ভূ-তলৰ পানীৰ গুণাগণৰ ওপৰত ইয়াৰ সাম্ভাৱ্য ভাবুকি

ভূমিৰ ব্যৱহাৰ

ভূ-তলৰ পানীৰ বাবে সাম্ভাৱ্য প্ৰদূষনকাৰী কাৰ্য্যকলাপ

বাস-ভূমি

মুক্ত অনাময় ব্যৱস্থা

মাটি বা পানীৰ দ্বাৰা অনাময় ব্যৱস্থাপনাৰ নিৰ্গমন.

মল-মূত্ৰৰ মিশ্ৰণ জাৰণ ঘটোৱা পুখুৰী

মল-মূত্ৰৰ মিশ্ৰণ লিকেজ হোৱা, চলিড ৱেষ্ট বিতাৰন কৰা, ভূমি পৰি-পূৰণ কৰা.

ৰাস্তা আৰু নগৰ অঞ্চলত পানী উপঙি বাগৰি যোৱা, এৰিয়েল ফল-আউট.

উদ্যোগীক আৰু ব্যৱসায়িক

প্ৰণালীকৃত পানী, পেলনীয়া বস্তু পেলোৱা গাত.

মাটি আৰু নলাৰ পৰা নিৰ্গমন হোৱা লেতেৰা বস্তু.

টেঙ্ক আৰু পাইপৰ ফুটা হৈ ওলোৱা বেয়া বস্তু.

জাৱৰ-জোথৰ নাদত পোলোৱা.

এৰিয়েল ফল-আউট

নিন্মমানৰ অভ্যন্তৰীন চোৱা-চিতা

বস্তু বাহানি ছোৱা-মেলা কৰোতে উপচি পৰা বা ফুটা হৈ উলাই যোৱা.

খনন

খননৰ ড্ৰেইনৰ পৰা হোৱা নিৰ্গমন
প্ৰণালীকৃত পানী, থেপথেপীয়া বস্তু পেলোৱা গাত.
খনন কাৰ্য্যৰ পিছত ৰৈ যোৱা গোটা বস্তু
তৈল ক্ষেত্ৰৰ সংযোগকাৰী ষ্টেচন বিলাকত ওপচি পৰা.

গ্ৰাম্য

কৃষিজাত ৰাসায়নিকৰ দ্বাৰা কৃষি কাৰ্য্য কৰা
বৰ্জলেতেৰা পানীৰে জলসিঞ্চন কৰা
মাটি লুনীয়া কৰা
পশুপালন কাৰ্য্য

সমুদ্ৰৰ পাৰ

লুনীয়া পানীৰ অৱগাহন

উৎস: আইএনডিজি দল