পৰিৱেশ হৈছে মানুহৰ জীৱন আৰু বিভিন্ন কামকাজৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলোৱা চাৰিওফালৰ প্ৰাকৃতিক আৰু সামাজিক অৱস্থা। অৰ্থাৎ আকাশ, বতাহ, মাটি, পানী আদি সকলো মিলি গঠিত হৈছে আমাৰ পৰিৱেশ। পৰিৱেশ হৈছে এটি বহু শৃঙ্খলযুক্ত বা বহুস্তৰীয় বিষয়। ইংৰাজীৰ ‘এন্ভাইৰণমেণ্ট’ শব্দটো ফৰাচী শব্দ ‘এনভাইৰনাৰ’ৰ পৰা ওলাইছে। এই ‘এনভাইৰনা’ৰ শব্দটোৱে পৰিৱেশ আগুৰি থকা কথাটোকেই বুজায়। আমাৰ সকলোৰে বাবে পৰিৱেশ অতি প্ৰয়োজনীয় কথা। বয়স অথবা বৃত্তি নিৰ্বিশেষে যি কোনো এজন ব্যক্তি পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়, কাৰণ তেওঁৰ সকলো কাৰ্য পৰিৱেশতেই সম্পন্ন হয়। এই কাৰণেই পৰিৱেশ এনে এটা বিষয় যাৰ প্ৰকৃতি সাৰ্বজনীন। পৰিৱেশ হ’ল বিভিন্ন কথা আৰু কাৰ্য স্ংলগ্ন হৈ থকা বিষয়। অৱশ্যে পাৰিৱেশিক সমস্যাৰ কিছুমান স্থানীয় বৈশিষ্ট্য থাকিব পাৰে। কিন্তু ই বিশ্বৰ উষ্ণতা বৃদ্ধি, অজ’ন স্তৰৰ অৱক্ষয়, বন আৰু শক্তি সম্পদৰ হ্ৰাস প্ৰাপ্তি, বিশ্বৰ জৈৱ বিচিত্ৰতাৰ ক্ষতিসাধন আদিৰ দৰে বিষয়বোৰ সামৰি লয়, যিয়ে বিশ্বৰ সমূহ মানৱ জাতিক প্ৰভাৱাম্বিত কৰে। সেয়ে কোনো এঠাইৰ নিৰ্দিষ্ট পৰিৱেশৰ কথা ভাবোতে আমি বিশ্ব পৰিৱেশৰ কথাও ভাৱিব লাগিব। এই পৰিৱেশ নিৰাপদ আৰু পৰিস্কাৰ খোৱাপানী, স্বাস্থ্যসন্মত আবাসিক অৱস্থা, পৰিস্কাৰ আৰু নিৰ্মল বায়ু, সাৰুৱা ভূমি, স্বাস্থ্যকৰ খাদ্য আৰু ইয়াৰ উন্নয়ন আদিৰ মাজতে হৈ থাকে। আমি সকলো মানুহে প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশতে বাস কৰো। বায়ু, পানী, মাটি, গ্ৰহ, তৰা, সূৰ্য, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ আদি নিৰ্জীৱ বস্তুবোৰ আৰু ৰ’দ, ব’তাহ, বৰষুণ আদি প্ৰাকৃতিক পৰিঘটনাবোৰে ভৌতিক পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ চাৰিওফালে থকা গছ-গছনি, বন-লতা, জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু কীট-পত্ংগ আদিয়েই লগ লাগি জৈৱিক পৰিৱেশৰ সৃষ্টি কৰিছে। সমাজ, সামাজিক গোট, বিভিন্ন অনুষ্ঠান, সামাজিক সা-সুবিধা, উৎসৱ, উত্পাদন প্ৰণালী, যোগান ব্যৱস্থা, সামাজিক আচাৰ-নীতি, কৃষ্টি-স্ংস্কৃতি ইত্যাদিক সামৰি হৈছে সামাজিক পৰিৱেশ। আমাৰ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ বায়ু প্ৰদুষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আদিৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। পৰিৱেশ সুৰক্ষাৰ কাৰণে অৰ্থাৎ সুস্থ পৰিৱেশ পাবৰ বাবে আমাৰ দেশত বহুতো আইন প্ৰণয়ন কৰা হৈছে। আমাৰ ভাৰতবৰ্ষই হ’ল বিশ্বৰ ভিতৰত প্ৰথম দেশ যিয়ে পৰিৱেশ সুৰক্ষা আৰু স্ংৰক্ষণৰ ব্যৱস্থা নিজৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। ১৯৭২ চনৰ ৫ জুনত ষ্টকহমত বহা আন্তৰ্জাতিক মানৱ পৰিৱেশ সম্পৰ্কীয় সন্মিলনত পৰিৱেশ সুৰক্ষা আৰু স্ংৰক্ষণ কৰা কথাটো পোন প্ৰথমবাৰৰ বাবে আলোচনা কৰা হয় আৰু তাৰ পিছৰে পৰা ৫ জুন তাৰিখটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে সমগ্ৰ বিশ্বতে ইয়াক পালন কৰি অহা হৈছে। এই সন্মিলনত আমাৰ দেশত পৰিৱেশ সুৰক্ষাৰ বাবে কেইখনমান উল্লেখযোগ্য আইন প্ৰস্তুত কৰা হয়। তাৰে কেইখনমান অতি উল্লেখযোগ্য পৰিৱেশ সুৰক্ষা আইন হ’ল- বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২, জল (প্ৰদুষণ, প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন ১৯৭৪, বন সুৰক্ষা আইন ১৯৮০, বন স্ংৰক্ষণ আইন, বায়ু আইন ১৯৮১ আৰু পৰিৱেশ সুৰক্ষা আইন ১৯৮৬। ভাৰতৰ প্ৰত্যেক নাগৰিকৰে প্ৰাকৃতিক পৰিৱেশ হ্ৰদ আদি নদ-নদীসমূহ আৰু বন্য জীৱ জন্তুৰ সুৰক্ষা আৰু উন্নত কৰি প্ৰত্যেক জীৱকে ৰক্ষা কৰাটো বা সিহতৰ সহাৱস্থানৰ ব্যৱস্থা কৰাটো সকলো সচেতন নাগৰিকৰ মহান কৰ্তব্য। গোটেই পৃথিৱীতে প্ৰদুষণ নিয়ন্ত্ৰক কাৰিকৰি সা- সুবিধাৰ বজাৰ অতি প্ৰচুৰ। পৃথিৱীৰ উন্নত দেশ আমেৰিকা, জাৰ্মানী, জাপান আদি দেশত বহু বছৰ ধৰি অতি কঠোৰ আইনৰ যোগেদি তাত আৱৰ্জনা পৰিশোধন কাৰ্য অতি সুন্দৰভাৱে ৰুপায়িত হৈছে আৰু পৰিৱেশ সুন্দৰ কৰা কাৰ্যতেই বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছে। আমাৰ দেশৰ প্ৰদুষণ নিয়ন্ত্ৰক বোৰ্ডসমূহে প্ৰদুষণ নিয়ন্ত্ৰণ আইন প্ৰয়োগ কৰাৰ কথা গুৰুত্ব সহকাৰে সম্পন্ন কৰাত মনোনিৱেশ কৰিছে। পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ আমি সেউজ চিন্তাশ্ৰয়ী হ’ব লাগিব আৰু সেউজ পৃথিৱী গঢ়িব লাগিব। আমি ইয়াকে চিন্তা কৰিব লাগিব যে এই পৃথিৱীখন অকল মানুহৰ বাবেই নহয়, আমাৰ সৈতে সহ-অৱস্থান কৰি থকা জীৱ-জন্তু আৰু উদ্ভিদ জগতৰ বাবেও। আমাৰ পৰিৱেশ আমাৰ হাতত ৰক্ষা হ’ব কাৰণ নিকা পৰিৱেশতহে প্ৰকৃতিৰ ভৰসাম্য ৰক্ষিত হয়। আমি সকলোৱে জানো যে গছ-গছনি থাকিলেহে জীৱ-জগত বৰ্তী থাকিব। আমি জীয়াই থকাৰ লগতে আমাৰ সহচৰ তৰু-তৃণ-জীৱ-জন্তু সকলোকে জীয়াই থাকিবলৈ দিব লাগিব। ইয়াৰ বাবে আমি আমাৰ পৃথিৱী সেউজীয়া কৰি তুলিব লাগিব। পৰিৱেশৰ লগত মানৱ স্বাস্থ্যৰ এক ওত:প্ৰোত সম্বন্ধ আছে। সুস্থ পৰিৱেশে মানুহৰ শাৰীৰিক আৰু মানসিক উত্তৰণ ঘটায়। আমাৰ চাৰিওফালৰ পৰিৱেশ যেতিয়া পৰিস্কাৰ-পৰিচ্ছন্ন, মুক্ত আৰু নিকা বায়ু চলাচল কৰাৰ অনূকুল হয়, তেতিয়া আমাৰ শৰীৰ বিভিন্ন সম্ভাৱ্য ৰোগৰ পৰা সুৰক্ষিত হয়। চিৰ সেউজ পৰিৱেশে আমাৰ চকুজুৰিক প্ৰশান্তি দিয়ে। মনটো প্ৰফুল্লিত নহ’লে সমাজত অস্বাস্থ্যকৰ অৱস্থা বৃদ্ধি পায়। আমাৰ পৰিৱেশ বিনষ্ট কৰাৰ কাৰকবোৰ হ’ল- জনস্ংখ্যা বিস্ফোৰণ, শৌচাগাৰৰ অভাৱ, পৰ্যাপ্ত সূৰ্যৰ পোহৰৰ অভাৱ, বিশুদ্ধ বায়ু আৰু পানীৰ অভাৱ, গছ-গছনি ধ্বংস কৰা, পৌৰ আৱৰ্জনা, জনসচেনতাৰ অভাৱ ইত্যাদি। অ-পৰিকল্পিত ঔদ্যোগীকৰণ আৰু দ্ৰুত গতিত বৃদ্ধি হৈ অহা যান-বাহনেও পৰিৱেশৰ ওপৰত বিৰুপ প্ৰভাৱ পেলাইছে। উদ্যোগৰ পেলনীয়া আৱৰ্জনা বিশেষকৈ ৰাসায়নিক অপদ্ৰব্যই পৰিৱেশ অধিক বিনষ্ট কৰিছে। পৰিৱেশৰ সমস্যা নগৰ-চহৰ আৰু গ্ৰামাঞ্চলভেদে বেলেগ বেলেগ। চহৰ বা নগৰ অঞ্চলত প্ৰদুষণ সৰ্বাধিক। সকলো দিশতে গোটেই বিশ্বক এক অভাৱনীয় প্ৰদুষণে ছানি ধৰিছে। এই পৰিৱেশটোৰ পৰা আমি যদি পৃথিৱীখন সুন্দৰ ভাৱে পৰিচালনা কৰিব খোজো তেনেহ’লে আমি সকলো মানুহকে পৰিৱেশ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগে। চীন ভাষাত এটি প্ৰবাদ আছে-‘তুমি যদি এবছৰৰ আঁচনি কৰা, তেনেহ’লে গছৰোৱা আৰু এশ বছৰৰ আঁচনি কৰা তেনেহ’লে জনগনক শিক্ষিত কৰা।’ আকৌ হেনৰী ডি থৰো নামৰ পৰিৱেশ বিজ্ঞানী এজনে উচিতভাৱে কৈছে-‘আমাৰ গ্ৰহটো অৰ্থাৎ পৃথিৱীখনেই যদি বসবাসৰ অনুপযোগী হয়, তেনেহ’লে সুন্দৰ ঘৰ এটাৰ প্ৰয়োজন ক’ত? এতিয়া যদি আমি কাম কৰিবলৈ আৰম্ভ কৰো ইয়াৰ সুফল পোৱা যাব চল্লিশ বা পঞ্চাশ বছৰৰ পিছত।’ সঁচাকৈয়ে আমি যদি এক পৰিস্কাৰ, স্বাস্থ্যকৰ, সৌন্দৰ্যময় আৰু নিৰাপদ পৰিৱেশত বাস কৰিব খোজো, তেনেহ’লে আৱৰ্জনা শোধনকাৰ্য তথা বিশ্বত ভয়ানক সমস্যাৰুপে দেখা দিয়া পৰিৱেশ প্ৰদূষণ সমূহ নিৰ্মূল কৰাত অধিক গুৰুত্ব দিব লাগিব। পৰিৱেশ বিশুদ্ধ কৰি ৰখাত উদ্ভিদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেউজীয়া গছ-গছনীয়ে আমাক নিৰ্মল বায়ু প্ৰদান কৰাৰ উপৰি শীতল ছাঁ দিয়ে। গতিকে গছ-গছনি কাটি তহলিং কৰাৰ পৰা বিৰত থাকি অধিক গছ-গছনি ৰোপণ কৰাত সকলো ব্যক্তিয়েই সহযোগিতা আগবঢ়াব লাগে। প্ৰদূষণ প্ৰতিৰোধ কাৰ্যত সক্ৰিয় অংশগ্ৰহণ কৰিব লাগে। ঘৰৰ চৌহদত থকা নলা-নৰ্দমাসমূহ নিজে পৰিস্কাৰ কৰিব লাগে। ৰজহুৱা নলা-নৰ্দমাত জাৱৰ-জোথৰ পেলাব নালাগে আৰু অইনকো পেলোৱাৰ পৰা বিৰত ৰখাৰ চেষ্টা চলাব লাগে। য’তে ত’তে মল-মুত্ৰ, থু-খেকাৰ পৰিত্যাগ কৰিব নালাগে। ৰাজহুৱা বা নিজাববীয়াকৈ থকা পুখুৰী আদিত পোহনীয়া জন্তুক গা ধুৱাব নালাগে। পুখুৰী আদিত পোহনীয়া জন্তুক গা ধুৱাব নালাগে। পুখুৰীত বিশেষকৈ য’ৰ পানী খোৱা হয়, তাৰ পাৰত কানি-কাপোৰ ধোৱা একেবাৰে অনুচিত। ব্যক্তিগত কাৰখানাৰ বৰ্জনীয় পদাৰ্থবোৰ শোধন কৰিহে পেলোৱাৰ ব্যৱস্থা কৰিব লাগে, মেলেৰিয়া আদি ৰোগৰ প্ৰতিষেধকৰুপে ডি ডি টিৰ দৰে বস্তুৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। ধুমপান আইনত: নিষিদ্ধ হৈছে স্থান বিশেষত আৰু সকলোৱে এই নিয়ম মানি চলা উচিত, সচেতন ব্যক্তিসকলে প্ৰদুষণৰ কু-প্ৰভাৱৰ বিষয়ে আনক জনোৱাৰ বাবে ভূমিকা ল’ব লাগে, নলা-নৰ্দমাত বীজাণুনাশক দ্ৰব্য, ৰ্ং, তেল জাতীয় পদাৰ্থ বা অন্যায়কাৰী ৰাসায়নিক দ্ৰব্য পেলাব নালাগে। ইয়াৰ উপৰি নিজৰ গাড়ী থাকিলেও খোজ কঢ়া বা চইকেল চলোৱা অভ্যাস কৰা উচিত, অৰ্থৎ যান্ত্ৰিক বাহনৰ ব্যৱহাৰ যিমান পাৰি কমাব লাগে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বই প্ৰদূষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। গ্লোবেল ৱাৰ্মিং তাৰেই কু-ফল। সমগ্ৰ বিশ্বই প্ৰতি বছৰে ‘বিশ্ব পাৰিপাৰ্শ্বিক দিৱস’ পালন কৰি নাগৰিকসকলক প্ৰদূষণৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিব লগা হৈছে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ জনগণৰ সচেনতা অমোঘ অস্ত্ৰ। জনগনে সচেতন হৈ পৰিৱেশক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ নহ’লে কেৱল আইনৰ দ্বাৰা সু-ফল পাব নোৱাৰি। ইয়াৰ বাবে জন জাগৰণৰ ব্যৱস্থা কৰাটো নিতান্ত্যই প্ৰয়োজন। সমাজ, দেশ তথা মানৱ জাতিৰ অস্তিত্বৰ কথা পৰিৱেশ সুৰক্ষাৰ সৈতে কিদৰে সাঙোৰ খাই আছে তাক উপলব্ধি কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাত গুৰুত্ব দিব লগিব। আমি জনসাধাৰণক এই দিশত শিক্ষিত কৰি তুলিব লাগিব আৰু বুজাব লাগিব যে পৰিৱেশৰ অধ:পতন প্ৰত্যক্ষভাৱে নাহিলেও সময়ত ই এক বিভীষিকাৰুপে আহিব পাৰে আৰু তেতিয়া আমি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। আমি যদি এখন সুন্দৰ পৃথীৱিত এক পৰিস্কাৰ, স্বাস্থ্যকৰ, সৌন্দৰ্যময় আৰু নিৰাপদ পৰিৱেশত বাস কৰিব খোজোঁ, তেনেহ’লে সকলো ধৰণৰ অনিষ্টকৰী প্ৰদূষণ ৰোধ কৰিবলৈ আমি সকলোৱেই ৱ্যবহাৰিক সচেতনতাত অধিক গুৰুত্ব দিব লাগিব। আৰু তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ নিৰাপদ, পৰিস্কাৰ তথা এটা অতি সুন্দৰ পৰিৱেশ নিশ্চয় প্ৰদান কৰিব পাৰিম। মণিমালা দত্ত, দৈনিক অসম।