অনেক ঠাল ঠেঙুলি শাখা প্ৰশাখাৰে ভৰা আহঁত এবিধ সকলোৰে পৰিচিত বৃহৎ বৃক্ষ।ইয়াৰ বৈজ্ঞানিক নাম হৈছে “ফিকাছ” ৰিলিজিওছা” আৰু ই মোৰাছি গোত্ৰৰ উদ্ভিদ।ভাৰতীয় পৰম্পৰাত আহতঁ গছৰ বিশেষ স্থান আছে আৰু ই হিন্দু,বৌদ্ধ আদিকে ধৰি বিভিন্ন ধৰ্মাৱালম্বী লোকৰ আদৰৰ আৰু পূজনীয়।শ্ৰীকৃষ্ণই শ্ৰী মদ্ভাগবত গীতাত বিভিন্ন গছৰ ভিতৰত নিজকে আহঁত বুলি(অশ্বথ সৰ্ব্ববৃক্ষানাম) পৰিচয় দিছে।উদ্ভিদ বিজ্ঞানীসকলে এই গছৰ বিভিন্ন দিশ চালিজাৰি চাই পৰিৱেশ পৰিশুদ্ধি তথা প্ৰ্দূষন নিয়ন্ত্ৰনৰ ইয়াৰ গুৰুত্বপূৰ্ন ভুমিকা তথা বুলি নিশ্চিত কৰিছে।প্ৰ্কৃতি ৰাজ্যত একমাত্ৰ আহতেঁই এনেকুৱা বৃক্ষ যিয়ে ৰাতি দিন অহৰ্নিশে অবিৰত্ভাবে জীৱকূলৰ প্ৰানবায়ু স্বৰুপ অক্সিজেন নিৰ্গত কৰি থাকে।মন কৰিব কথালগীয়া কথা যে ৰাতিৰ ভাগত অইন গছ গছনিয়ে কাৰ্ব-ডাই অক্সাইড বা নাইট্ৰ্জেন গেছ নিৰ্গত কৰে যি পৰিৱেশৰ বাবে প্ৰ্তিকুল।প্ৰ্তি গাৱৰেঁ চক,ধৰ্মীয় স্থান,নদীৰ পাৰ,পথাৰৰ দাঁতি,মন্দিৰ মহজিদ আদিৰ কাষত প্ৰায়েই বহু পুৰনিকলিয়া প্ৰকাণ্ড প্ৰকাণ্ড(দুশ-তিনিশ বচৰীয়া)আহতঁ গছ দেখিবলৈ পোৱা যায়।পৰিৱেশৰ শুদ্ধিকৰনত অকল আহতেঁই নহয় নিম গছ,তুলসী আদিয়েও বিশেষ ভূমীকা গ্ৰহন কৰি আহিছে।আহঁতৰপৰা অবিৰাম অক্সিজেনৰ নি:সৰন আৰু ইয়াৰ পাতৰ মৃদু-মধুৰ বাই মানুহৰ মন প্ৰান পুলকিত কৰি তোলে।আহঁতৰ তলত বিশ্ৰাম কৰি নাইবা এই গছৰ সান্নিধ্যত সময় কটালে মানসিক শান্তি লাভ হয় আৰু কিছুমান ৰোগ প্ৰশমিত হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে।কাৰন এই গছৰপৰা অনবৰতে শুদ্ধ অক্সিজেনৰ নি:সৰন হৈ থাকে। আহতৰঁ সবাতোকৈ গুৰুত্বপূৰ্ন দিশতো হল ই অন্তৰীক্ষ(আকাশ)আৰু পৃথীৱিৰ মাজৰ সমস্ত দূষিত বা বিষাক্ত গেছ শোষন কৰি বায়ুমণ্ডলত বিশেষভাবে বিশুদ্ধ অক্সিজেনৰ যোগান ধৰি পৰিৱেশ পৰিশুদ্ধ কৰি ৰাখে।আহতৰঁ ছাঁ সদায় শীতল।ইয়াৰ চৌপাশৰ শুদ্ধ অক্সিজেন সমৃদ্ধ সুশীতল বিশুদ্ধ বায়ুৱে পৰিৱেশ প্ৰ্দূষন প্ৰতিৰোধ কৰাই নহয় মানুহকো নিৰোগী আৰু দীৰ্ঘায়ু কৰি তোলে বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে।বেদত এই গছক অমৃতময় বুলি অভিহিত কৰা হৈছে।বেদত আৰু উল্লেখ আছে যে আঁহতৰ তলত জিৰনি লৈ নিয়মীয়াকৈ এই গছৰ সান্নিধ্যত থাকিব পাৰিলে কুষ্ঠ ৰোগকে ধৰি দেহৰ নানান ধৰনৰ চৰ্মৰোগ ঘা ফোহোৰাৰ পৰা আৰু ইয়াৰ গুটি ফল সেৱন কৰিলে ৰক্তপিক্ত,বিষ,প্ৰ্হাদ,পোৰনি আদিৰপৰা উপশম পাব পাৰি।এই বৃক্ষ ৰোপন কৰা ব্যক্তিৰ বংশ পৰম্পৰাৰ কেতিয়াও পৰিসমাপ্তি নঘটে বুলি ধৰ্মশাস্ত্ৰত উল্লেখ আছে। ভুৱেনশ্বৰ ডেকা