২০০৮ চনৰ ৩০ জুন তাৰিখে জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় কৰ্ম পৰিকল্পনা আনুষ্ঠানিকভাৱে উন্মোচিত হয়.এনএপিচিচি য়ে উন্নয়নৰ সৈতে সহ সুবিধা হিচাপে সক্ৰিয়ভাৱে জলবায়ু পৰিৱৰ্তনৰ দিশে নজৰ ৰখাৰ উপায় নিৰ্দ্ধাৰণ কৰিছে৷ ইয়াত মুঠ আঠটা “ৰাষ্ট্ৰীয় অভিযান” আছে, যি ৰাষ্ট্ৰীয় কৰ্ম পৰিকল্পনাৰ কেন্দ্ৰ বিন্দু স্থাপন কৰে৷ তেওঁলোকে জলবায়ু পৰিৱৰ্তন বোধগম্য কৰি তোলা, প্ৰতিষ্ঠা কৰা আৰু উপশম কৰা, শক্তিৰ সক্ষমতা আৰু প্ৰাকৃতিক উস সংৰক্ষণৰ বাবে প্ৰসাৰ চলায়. এই অভিযান আঠটা হ’ল: ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযান. ৰাষ্ট্ৰীয় এনহেন্সড এনাৰ্জি ইফিচিয়েন্সী অভিযান. ৰাষ্ট্ৰীয় চাচটেইনেব’ল হেবিটেট অভিযান. ৰাষ্ট্ৰীয় জল অভিযান. চাচটেইনিং দি হিমালয়ান ইক’চিষ্টেম ৰ বাবে ৰাষ্ট্ৰীয় অভিযান. ৰাষ্ট্ৰীয় সেউজ ভাৰত অভিযান. চাচটেইনেব’ল এগ্ৰীকালচাৰৰ বাবে ৰাষ্ট্ৰীয় অভিযান. ষ্ট্ৰেটেজীক নলেজ ফৰ ক্লাইমেট চেঞ্জ ওপৰত ৰাষ্ট্ৰীয় অভিযান. ১) ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযান এনএপিচিচি ত ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযানলৈ বহুত গুৰুত্ব দিয়া হৈছে৷ এই অভিযানৰ উদ্দেশ্য হ’ল– অন্যান্য পুনঃসক্ৰিয় কৰা শক্তিৰ উসসমূহৰ পৰিধি প্ৰসাৰৰ লগতে ৰাষ্ট্ৰৰ মুঠ ব্যৱহৃত শক্তিৰ লগত সৌৰ শক্তিৰ অংশ বৃদ্ধি কৰা. অভিযানক অন্যান্য আন্তঃৰাষ্ট্ৰীয় সহযোগত সৌৰ শক্তি অধিক কায্যৰ্ক্ষম, চলমান কৰি ৰাখিব পৰা গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি)ৰ কাম হাতত লবলৈও কোৱা হৈছে. এনএপিচিচি য়ে নিম্ন তাপমাত্ৰা ১৫০ ডিগ্ৰী ছেলছিয়াছতকৈ অধিক) ৰ ব্যৱহাৰত কাম কৰা নগৰীয়া অঞ্চলৰ উদ্যোগিক আৰু ব্যৱসায়িক অঞ্চলসমূহ সৌৰশক্তিৰ দ্বাৰা ৮০ শতাংশ আৰু মধ্যম তাপমাত্ৰাত (১৫০ ডিগ্ৰী ছেলছিয়াছৰ পৰা ২৫০ ডিগ্ৰী ছেলছিয়াছ) ব্যৱহাৰত ৬০ শতাংশ সামৰি লোৱাৰ সৌৰ শক্তি অভিযানৰ লক্ষ্য লৈছে. ইয়াৰ শেষ সীমাত উপনীত হোৱাৰ সময়সীমা ১১ আৰু ১২ তম পঞ্চম বাষিৰ্ক পৰিকল্পনাত, ২০১৭ চন৷ অতিৰিক্তভাৱে, গ্ৰাম্য ব্যৱহাৰসমূহ ৰাজহুৱা-ব্যক্তিগত অংশিদাৰিত্বত গ্ৰহণ কৰিব লাগিব. এনএপিচিচি য়ে এইটোও লক্ষ্য লৈছে যে, ২০১৭ চনৰ ভিতৰত ১০০০ মেগাৱাট/বছৰ ফটোভলেটিক উপাদন কৰিব আৰু লগে লগে ১০০০ মেগাৱাট নিয়ন্ত্ৰিত সৌৰ শক্তি উপাদন ক্ষমতা বৃদ্ধি কৰিব. ২) নেচনেল মিছন ফৰ এনহেন্সড এনাৰ্জি ইফিচিয়েন্সী ভাৰত চৰকাৰে ইতিমধ্যে শক্তি কায্যৰ্ক্ষমতাৰ বহু সংখ্যক পদক্ষেপ হাতত লৈছে৷ অতিৰিক্তভাৱে ইয়াৰ লগত সংযোগ কৰা হৈছে: বৃহ পৰিমাণৰ শক্তি ব্যৱহাৰ কৰা উদ্যোগসমূহৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ নিদেৰ্শ কৰা আৰু বজাৰলব্ধ কাৰীকৰী কৌশল ব্যৱহাৰৰ দ্বাৰা সঞ্চয় হোৱা অত্যাধিক শক্তি নিণৰ্য় কৰিবলৈ এটা মূলনীতি গঠন কৰা. বিশেষ খণ্ড কিছুমানত শক্তি কায্যৰ্ক্ষম উপাদন/সামগ্ৰী ব্যৱহাৰৰ পৰিৱৰ্তনমূলক মাপ দিবলৈ সমৰ্থ হোৱা. এই ক্ষেত্ৰত পাব্লিক– প্ৰাইভেট পাটৰ্নাৰশ্বিপ অনুমতিৰে ভৱিষ্যত শক্তি সঞ্চয়ৰ দ্বাৰা আৰ্থিক প্ৰয়োজনীয়তা পৰিচালনাত সহায় কৰা কৌশল গঠন কৰা. শক্তি কায্যৰ্ক্ষম প্ৰমাণিত সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ কৰ পৰিশোধেৰে ৰাজহৰ পৰিমাণ উন্নত কৰা. ৩) নেচনেল মিছন অন চাচটেইনেব’ল হেবিটেট মিছনৰ উদ্দেশ্য হ’ল অধিক গ্ৰহণযোগ্যৰ অভ্যাস গঢ়ি তোলা ৷ ইয়াৰ বাবে তিনিটা স্তৰ অন্তভূৰ্ক্ত কৰা হৈছে- ঘৰুৱা আৰু ব্যৱসায়িক খণ্ডৰ ঘৰসমূহৰ শক্তি কায্যৰ্ক্ষমতা উন্নত কৰি তোলা মিউনিচিপেল চলিড ৱেষ্ট (এমএচডব্লিউ) ৰ পৰিচালনা নগৰীয়া ৰাইজৰ যাতায়ত প্ৰসাৰ কৰা ৰাষ্ট্ৰীয় জল অভিযান ৰাষ্ট্ৰীয় জল অভিযানৰ লক্ষ্য – পানী সংৰক্ষণ কৰাত, অপব্যয় নুন্যতম কৰা আৰু সংযোগিত জল যোগান আচঁনিৰ দ্বাৰা সমভাৱে বিতৰণ কৰা জল অভিযানে পানী ব্যয়ৰ ক্ষমতা ২০ শতাংশলৈ বৃদ্ধি কৰিব৷ এই অভিযানৰ দ্বাৰা বৰষুণ আৰু নদীৰ প্ৰবাহৰ ভিন্নতা নিয়ন্ত্ৰণ কৰি পৃষ্ঠভূমি আৰু মাটিৰ তলৰ পানীভাগ বৃদ্ধি কৰা, বৰষুণৰ পানী সংৰক্ষণ আৰু স্প্ৰীংকলাৰ অথবা গভীৰ পানীযোগানৰ দৰে আচঁনিৰ সফল কৰিব তুলিবলৈ কোৱা হয়. নেচনেল মিছন ফৰ চাচটেইনিং দি হিমালয়ান ইক’চিষ্টেম এই পৰিকল্পনাই স্থানীয় সমাজখনক, বিশেষকৈ পঞ্চায়তক পাৰিপাশ্বিৰ্ক উসসমূহ পৰিচালনাৰ এটা অধিক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়ে৷ ই ৰাষ্ট্ৰীয় পৰিৱেশ আচঁনি,২০০৬ ত থকা নিম্নোলিখিত পৰিমাপৰ কথাও উনুকিয়ায়. পাহাৰীয়া পাৰিপাশ্বিৰ্কতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সঠিক মাটিৰ ব্যৱহাৰৰ পৰিকল্পনা আৰু পানী-প্ৰবাহ পৰিচালনাৰ অভ্যাস গঢ়ি তোলা. পাহাৰীয়া অঞ্চলত বুনিয়াদ গঠন কৰাৰ সময়ত সংবেদনশীল পাৰিপাশ্বিৰ্কতা আৰু ভূমিভাগৰ ধ্বংস যাতে ৰোধ কৰিব পৰা যায়, তাৰ বাবে অভ্যাস গঢ়ি তোলা. জৈৱ কৃষিৰে কৃষকক কিস্তিৰ মূল্য মুকলি কৰিবলৈ পৰম্পৰাগত শস্য আৰু উদ্যানশস্যৰ খেতি কৰিবলৈ উদ্বুদ্ধ কৰি তোলা. পয্যৰ্টন নিৰ্ভৰশীলতা উন্নীত কৰাৰ অভ্যাস গঢ়া আৰু স্থানীয় ৰাইজক উত্তম জীৱন প্ৰণালী লাভ কৰাবলৈ বহুমূখী অন্বেষণকাৰীক অংশীদাৰভূক্ত কৰা. পাহাৰীয়া অঞ্চললৈ পয্যৰ্টকৰ আগমনৰ নিয়মীয়া মাপকৰণে নিশ্চয়তা প্ৰদান কৰে যে, পাহাৰীয়া পাৰিপাশ্বিৰ্কতাৰ বহন ক্ষমতা নিম্নগামী হোৱা নাই. নিদিৰ্ষ্ট পাহাৰীয়া অঞ্চলৰ বহন ক্ষমতা ৰক্ষণা-বেক্ষণ দিবলৈ একক ‘তুলনাবিহীন মূল্য’ৰ কৌশল ব্যৱহাৰ কৰক. ৰাষ্ট্ৰীয় সেউজ ভাৰত অভিযান এই অভিযানে পাৰিপাশ্বিৰ্ক সেৱা উন্নত কৰা লক্ষ্য ৰাখে, উদাহৰণস্বৰূপে, কাৰ্বনৰ পৰিসৰ নিম্নগামী কৰা. ই ৬ মিলিয়ন হেক্টৰ মাটি পুনৰ বনলৈ পৰিৱৰ্তন কৰা প্ৰধান মন্ত্ৰী সেউজ ভাৰত অভিযানত গঠিত হয়, আৰু বনভূমিয়ে আৱৰি ৰখা অঞ্চল ২৩ শতাংশ ৰ পৰা ৩৩ শতাংশলৈ বৃদ্ধি কৰাৰ এক ৰাষ্ট্ৰীয় লক্ষ্য হাতত লয়৷ ধ্বংস হোৱা বনভূমিত ৰাজ্য বন বিভাগৰ অধীনত গঠিত হোৱা যুটীয়া বন পৰিচালনা কমিটিৰ দ্বাৰা ইয়াক কায্যৰ্ক্ষম প্ৰয়োগ কৰা হয়. নেচনেল মিছন ফৰ চাচটেইনেব’ল এগ্ৰীকালচাৰ ইয়াৰ লক্ষ্য হ’ল - নতুন, বিশেষকৈ তাপ সহনীয় আৰু বিকল্প প্ৰকাৰৰ শস্যৰ পৰিচয় ঘটাই ভাৰতীয় কৃষি জলবায়ু পৰিবতৰ্নৰ নমনীয় কৰি তোলা. পৰম্পৰাগত জ্ঞান আৰু বাস্তব প্ৰয়োগ, তথ্য আৰু প্ৰযুক্তিবিদ্যা আৰু তাৰ লগে লগে নগদ আৰু বীমাৰ কৌশলৰ দ্বাৰা ইয়াক সহায় কৰিব লগা হ’ব. নেচনেল মিছন অন ষ্ট্ৰেটেজীক নলেজ ফৰ ক্লাইমেট চেঞ্জ এই অভিযানে গ্ল’বেল কমিউনিটিৰ সৈতে বৰ্তি থাকিবলৈ কাম কৰে৷ অভিযানৰ বিভিন্ন কৌশল আৰু অতিৰিক্ত ভাৱে জলবায়ু পৰিৱৰ্তনৰ ওপৰত আগবঢ়োৱা, অনুষ্ঠান আৰু বিশ্ববিদ্যালয় আৰু জলবায়ু পৰিৱৰ্তনৰ গৱেষণা পুঁজি জড়িত হৈ থকা নিজৰ গৱেষণা সূচী থাকে৷ এই অভিযানে পৰিৱৰ্তনমূলক কাৰিকৰী কৌশল কামত খটাবলৈ আৰু উপশম লাভ কৰিবৰ বাবে ব্যক্তিগত খণ্ডসমূহক আগ্ৰাহাম্বিত কৰে৷ অভিযানৰ কায্যৰ্কাৰিতা ৮ ম ৰাষ্ট্ৰীয় অভিযান “ সন্মানীয় মন্ত্ৰালয়’’ সমূহৰ দ্বাৰা আনুষ্ঠানিকতা স্থাপন কৰা হয় আৰু আভ্যন্তৰীণ গোটসমূহ সামৰি লৈ সংগঠিত কৰা হ’ব৷ অতিৰিক্তভাৱে, ইয়াৰ লগত চৰকাৰসমূহ, বিত্তীয় আৰু পৰিকল্পনা আয়োগ, উদ্যোগৰ দক্ষ লোক, শিক্ষা পৰিষদৰ সভ্য আৰু নাগৰিক জড়িত হৈ থাকে. উৎস: আইএনডিজি দল।