অসমত প্ৰাপ্ত বেছিভাগ সাপৰেই বিষ নাই, কিন্তু মানুহৰ সাপকলৈ থকা অহেতুক ভীতি, আমাৰ ধৰ্মীয় কাহিনীবোৰত সাপকলৈ ৰচনা কৰা অতিৰঞ্জিত কল্পকাহিনীবোৰ, সাপকলৈ বনোৱা নানান চলচিত্ৰত সাপৰ ভূমিকাই সৰুৰেপৰা আমাৰ মনত প্ৰকৃতিৰ এই অপূৰ্ব সৃষ্টিৰ প্ৰতি মিছাতেই এক অসহনীয়তা আনি দিছে। আন বেছিভাগ জীৱ-জন্তুৰ দৰেই সাপো এক নিৰিহ জন্তুহে মাত্ৰ। ফেঁটি, ক্ৰেইট আৰু ভাইপাৰ জাতীয় এই তিনিবিধ সাপৰ বাহিৰে অসমত প্ৰাপ্ত আন কনো সাপৰেই বিষ নাই। কিন্তু বাটেঘাটে, পথাৰত এই সাপবোৰৰ খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই আহিলেই এচাম মানুহৰ চকুত পৰা মাত্ৰকে নিজৰ জীৱন দিব লগীয়া হয় এই প্ৰাণীবিধক, বিনাকাৰণতে কেৱল মানুহৰ অসহনশীলতা আৰু সাপৰ প্ৰতি থকা জ্ঞানৰ অভাৱগ্ৰস্থতাৰ বাবে। সাপ সম্পৰ্কে থকা কেইটামান ভ্ৰান্ত ধাৰণা সাপে গাখীৰ খায়। কিছুমান সাপৰ মনি থাকে, যি মনি অতি আপুৰুগীয়া আৰু মূল্যবান। সাপে মনত ৰাখিব পাৰে, আৰু এবাৰ আক্ৰমণ কৰা মানুহক পিছত খেদি প্ৰতিশোধ লব আহে। সাপে পেঁপাৰ তালেতালে নাচে। সাপে কামুৰিলে বেজে মন্ত্ৰ-তন্ত্ৰৰ দ্বাৰা আৰোগ্য কৰিব পাৰে। কিছমান সাপে উৰিব পাৰে। এইবোৰ অবৈজ্ঞানিক আৰু গোটক মিছা কথা। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ শিক্ষিত প্ৰায় মানুহো এইবোৰ কথা বিশ্বাস কৰে। কেৱল উৰণীয়া সাপ বোলা এটা প্ৰজাতীৰ সাপে নিজৰ দেহাটো চেপেটা কৰি গ্লাইডাৰৰ দৰে কিছুদেৰিলৈকে যাবহে পাৰে। অসমত প্ৰাপ্ত বিষাক্ত সাপ কেইবিধৰ লগত চিনাকি হওঁ আহক সৰু পৰ্বতীয়া ভাইপাৰ ডাঙৰ পৰ্বতীয়া ভাইপাৰ হালধীয়া ভাইপাৰ শংঙচূড় চকৰি ফেঁটি ৰাজ ফেঁটি অসমত প্ৰাপ্ত বিষহীন সাপ কেই বিধৰ লগত চিনাকি হওঁ আহক: সৰু-খন্তীয়া সাপ বৰ-খন্তীয়া সাপ অজগৰ ঢোৰা মচোৱা গোম, হুলাবাৰিয়া, কালডাৰাইছ বামুণী সাপ, জুনিয়া কৰ্শলা, এছাৰি খুকুৰি মৰালি, মাল্লিবৰ শামুক খোৱা সাপ অসমত প্ৰাপ্ত সামান্যভাবে বিষাক্ত সাপ কেইবিধৰ লগত চিনাকি হওঁ আহক বাটচুপা পাহাৰী বাটচুপা মেনি, গেমেটীয়া ঢোঁৰা সুন্দৰী সাপ, কালনাগিনী, উৰণীয়া সাপ গকুল মেকুৰী সাপ কলপতীয়া মেকুৰী সাপ নকলি ভাইপাৰ লতাসাপ, বেজীমুখি, পাতসাপ, লাউডোগা ***এই টোকাটো বিভিন্ন ৱেব'চাইত আৰু উত্তৰ-পূৱ ভাৰতৰ উভচৰ আৰু সৰীসৃপ নামৰ কতাপখনৰ সহায়ত যুগুতৱা হৈছে। ছবিঃ ইন্টাৰনেট। লিখক: জয়দ্বীপ চক্ৰৱৰ্ত্তী।